Monday, 5 September 2011

মহাকালঃসন্ধিঃমহাকাল

শতিকাৰ কৰ্কশ শিলাৰ গৰ্ভত
স্বপ্নাভিষেক আমাৰ।

নিৰ্ঝৰিণী বাসনাৰ ব্যাকুল গান-
সত্যৰ সাধনাৰে
মৃত্যুপিয়াসী চেতনাৰ
উন্মীলিত দুচকুত
কলাজ সন্ধিকালৰ।

ফুটছাই বৰণীয়া আকাশৰ
উকা সীমনাত
কালিঘুঁকিৰ কালিন্দী এন্ধাৰ-
স্মৃতিৰ অপভ্রংশ আৰু
ভমকাফুলীয়া জীৱনৰ স্তব্ধ জোনাক।

সন্ধিয়াৰ ৰমন্যাসিক টুমনিত
তোমাৰ ক্রানতিকালৰ দেহা তিয়াই
বৈ যাওক ৰঙচুৱ এখন নৈ-
আমাৰ মৃত্যুৰ স্বপ্নিল প্ৰেৰণাৰে।




কবিতা

মোৰ পদূলিৰে উজাই আহে
বুৰঞ্জীতকৈয়ো প্রাচীন
এজাক ছাগলী-খেদা বৰষুণ

এৰাপৰলীয়া কবিতাৰ বিষাদত
সেমেকি উঠা
এযোৰ ওঁঠ

প্রেমতকৈয়ো অস্থায়ী ভমকাফুলীয়া মেঘ

ধুমুহাই-বৰষুণে,ৰ'দে-বতাহে
ৰঙা হৈ পৰা
বিষন্ন উপত্যকাৰ ভগ্নস্তূপলৈ নামি আহে
যন্ত্রনাৰ কোবাল জলস্রোত

স্বপ্নভীতিগ্রস্ত নিশ্চল নদীত
ডুব যায়
স্পন্দনহীন সময়ৰ
বুদবুদ এন্ধাৰত দগ্ধ
মলঙা আদৰ্শৰ স্বপ্নিল কামিজ

নিশাৰ বতাহ,জোনৰ উছাহ
ৰাতিটোৰ বাবে মোক পৃথিৱীখন দিয়া
পুৱা হ'লেই গতাই দিম
মৃত্যুৱে চেলেকা আকাশৰ মজিয়া।


কবিতা

কবিতা

মোৰ উদ্বাউল খিৰীকিৰে
সোমাই আহে
উন্মাদ পৃথিৱীৰ সন্মিলিত কোৰ্হাল

বন্দুকৰ শব্দত পুৱাবোৰে সাৰ পায়
নিঃসাৰ পদূলিত
নিতৌ সন্ধিয়া
অলেখ মেলা চকু নিঃশব্দে নুমায়

আমি সাৰে থাকো
সেমেকা শেঁতেলীত
অপহৃত জীৱনৰ
অৱশেষ তৰা গণি

কাহানিও আগেয়ে ক'তো শুনা মনত নপৰে
তোমাৰ মোৰ সিহঁতৰ তেওঁৰ-
সকলোৰে পৃথিৱী বেলেগ
সূৰ্যৰ সাধনা নিশাৰ বিষ্ময়
আৰু জীৱনৰ বৰ্ণমালা --সকলো বেলেগ

তুমি মই--আমাৰ বিপৰ্যস্ত অস্তিত্বৰ
প্ৰাণঘাতী প্ৰেৰণা
এই এটা মাথোঁ সত্য--
জীৱনতকৈ ডাঙৰ।