Monday, 5 September 2011

কবিতা

কবিতা

মোৰ উদ্বাউল খিৰীকিৰে
সোমাই আহে
উন্মাদ পৃথিৱীৰ সন্মিলিত কোৰ্হাল

বন্দুকৰ শব্দত পুৱাবোৰে সাৰ পায়
নিঃসাৰ পদূলিত
নিতৌ সন্ধিয়া
অলেখ মেলা চকু নিঃশব্দে নুমায়

আমি সাৰে থাকো
সেমেকা শেঁতেলীত
অপহৃত জীৱনৰ
অৱশেষ তৰা গণি

কাহানিও আগেয়ে ক'তো শুনা মনত নপৰে
তোমাৰ মোৰ সিহঁতৰ তেওঁৰ-
সকলোৰে পৃথিৱী বেলেগ
সূৰ্যৰ সাধনা নিশাৰ বিষ্ময়
আৰু জীৱনৰ বৰ্ণমালা --সকলো বেলেগ

তুমি মই--আমাৰ বিপৰ্যস্ত অস্তিত্বৰ
প্ৰাণঘাতী প্ৰেৰণা
এই এটা মাথোঁ সত্য--
জীৱনতকৈ ডাঙৰ।

No comments:

Post a Comment